আজি জাতীয় চেতনা দিৱস!

“আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ,
পঙ্কিল পৰাধীন কুঞ্চিত চিত মন
নাই ফুল চন্দন ধূপ ….”

—-অসমৰ এজন মহান কবি, সুনিপুণ গীতিকাৰ, গদ্য-লেখক,সংগীতজ্ঞ,সংবাদ-সেৱী,আলোচনী সম্পাদক,সাহিত্যিক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী , অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী “অসম কেশৰী” অম্বিকাগিৰী ৰায় চৌধুৰীৰ আজি “জন্ম দিৱস”। তেখেতৰ জন্মদিনটো অসমত ‘জাতীয় চেতনা দিৱস’ হিচাপে পালন কৰা হয়। এইগৰাকী মহান অসমীয়াৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছিল স্বদেশ-স্বজাতিৰ প্ৰতি নিভাজ মৰম,অফুৰন্ত ভালপোৱা।

পৱিত্ৰ “কায়স্থ কুল” পৰম্পৰাত জন্ম গ্ৰহণ কৰা “অসম কেশৰী” অম্বিকাগিৰী ৰায় চৌধুৰী অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ। উদাত্ত কণ্ঠেৰ স্বদেশ প্ৰেমৰ সুৰেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতি সাধনত আত্মনিয়োগ কৰা মহান অসমীয়া “অসম কেশৰী” অম্বিকাগিৰী ৰায় চৌধুৰীক আজি আমি প্ৰত্যেকজন অসমবাসীয়ে সোঁৱৰণ কৰা উচিত।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment