কৰাচীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ডাউদ ইব্ৰাহিমক। এই খবৰ ইতিমধ্যে পাকিস্তানৰ বাহিৰতো বিয়পি পৰিছে। জনা গৈছে যে ডাউদৰ শাৰীৰিক অৱস্থা সংকটজনক, সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই তথ্য পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সংবাদ সূত্ৰৰ পৰা জানিব পৰা মতে, বিষক্ৰিয়াৰ বাবে তেওঁ অসুস্থ হৈ পৰে। অৱশ্যে বিষটো কেনেকুৱা, কি সেই সন্দৰ্ভত কোনো বিতং তথ্য পোৱা নাই। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা দুদিন ধৰি ৬৫ বছৰীয়া ডাউদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।কটকটীয়া নিৰাপত্তাৰক্ষীৰে ঘেৰি ধৰিছে কৰাচীৰ চিকিৎসালয়খন।১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হিচাপে দাউদৰ নাম বাৰে বাৰে উত্থাপিত হৈ আহিছে। সেই বিস্ফোৰণত ২৫০ জন লোকৰ মৃত্যু হৈছিল।এহাজাৰৰো অধিক লোক আহত হৈছিল।যোৱা বহুবছৰৰ পৰা তেওঁ পাকিস্তানতে আছে।