Daily Time Axom

জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণত নিহত ৯০ জন

0 28

দেওবাৰে গাজা ষ্ট্ৰিপৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত কমেও ৯০ জন লোক নিহত হয়। মৃত লোকসকলৰ অধিকাংশই আছিল মহিলা আৰু শিশু। ইয়াৰ উপৰিও শ শ লোক আহত হয়। পেলেষ্টাইনৰ সংবাদ সংস্থা ৱাফাই প্ৰকাশ কৰা অনুসৰি বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত পুতি থোৱা আছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে জাবালিয়া চহৰৰ আল-বাৰ্ছ আৰু আলৱান পৰিয়ালে ব্যৱহাৰ কৰা বাসগৃহত সংঘটিত হয় এই মাৰাত্মক আক্ৰমণ। মন কৰিবলগীয়া যে ইজৰাইলে ৭ অক্টোবৰৰ পৰা গাজা আক্ৰমণ কৰি আহিছে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১৯ হাজাৰ অতিক্ৰম কৰিছে। ইজৰাইলে দক্ষিণ গাজাত গোলাবৰ্ষণ বৃদ্ধি কৰিছে।

Leave A Reply

Your email address will not be published.