Daily Time Axom

মুক্তি পালে টীয়কৰ উদিয়মান কন্ঠশিল্পী দুৰ্লভ নাৰায়ণৰ জোলোঙা শীৰ্ষক বিহুগীত

0 49

এটা সময় আছিল যেতিয়া মাঘ বিহুৰ আগে আগে অসমৰ বিভিন্ন কন্ঠ শিল্পীয়ে বিহুগীতৰ কেচেট মুকলি কৰে।অধিক আগ্ৰহেৰে সেই ডিচেম্বৰ মাহটোলৈ অধিক আগ্ৰহে বাট চাই থাকে প্ৰতিজন বিহুবলীয়া অসমীয়াই।জাণমণি,অঞ্জনা,ৰাংঢালী মইনাজান আদিবোৰ সকলোৰে মুখে মুখে।এক আনন্দময় পৰিবেশ।বিশেষকৈ পুৰণি বছৰক বিদায় আৰু নৱ বৰ্ষক আদৰণি, মাঘ বিহুৰ উৰুকা নিশা এইসমূহ কেছেটে অন্যতম স্মৰণীয় ভূমিকা পালন কৰিছিল অসমীয়া সমাজত।কিন্ত কালক্ৰমত সকলো ডিজিটেলাইজ হৈ আজি সেই আনন্দ নাই।আজিৰ প্ৰজন্মই নাজানে সেই অতীতৰ মাদকতা।এই সকলোবোৰ কথা উপলব্ধি কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিহুৱা কন্ঠ শিল্পী সকলৰ সমান্তৰালকৈ টীয়কৰ এগৰাকী উদিয়মান কন্ঠশিল্পী দুৰ্লভ নাৰায়ণে আজি মুক্তি দিলে বিহুগীত অডিঅ জোলোঙা।হয়, টীয়কৰ ভাৰতীয় ষ্টেট বেংকত কৰ্মৰত দুৰ্লভে কৰ্মব্যস্ততাৰ মাজতে প্ৰায় দুটা বছৰ সাধনা কৰি আজি টীয়কৰ বালিমাহী চাপৰিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত গীতটি উন্মোচন কৰি ৰাইজলৈ মুকলাই দিছে।ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ মুখ্য প্ৰৱন্ধক দীপজ্যোতি কলিতাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গীতটি উন্মোচন কৰে আৰু উদিয়মান শিল্পীগৰাকীৰ এই সুন্দৰ গীতটি সকলো অসমবাসীকে আকোৱালি লবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে উক্ত গীতটি ইউটিউবত দুৰ্লভ নাৰায়ণ একাউন্টত উপলব্ধ হ’ব বুলি জনাই গীতটি শুনি সকলোৰে পৰা সজ দিহা পৰামৰ্শ তথা আশীৰ্বাদ আশা কৰিছে উদিয়মান কন্ঠশিল্পীগৰাকীয়ে।ইপিনে গীতটিত সহ শিল্পী হিচাপে কন্ঠদান কৰিছে নীলাক্ষি নেওগে আৰু সংগীত কৰিছে নয়ণমণিয়ে।

Leave A Reply

Your email address will not be published.