ওঁঠৰ বাবে লিপ বাম কিনিছে নেকি

শীতকালত ওঁঠ ফাটিলে যদি লিপ বাম লগাইয়ো কোনো লাভ পোৱা নাই কি কৰিব ? অধ্যয়নত দেখা গৈছে যে সকলো ওঁঠৰ প্ৰসাধন সামগ্ৰীয়ে আচলতে ওঁঠক সঠিক মাত্ৰাত আৰ্দ্ৰ কৰি ৰাখিব নোৱাৰে। আনকি ভুল সামগ্ৰীয়েও সমস্যাটোক আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। সেয়েহে এটা উপযোগী লিপ বাম বাছি লোৱাটো প্ৰয়োজন।
আপুনি বাৰু জানেনে গোটেই বছৰটো লিপ বাম ব্যৱহাৰ কৰিব নালাগে। কিন্তু বছৰৰ বেছিভাগ সময় যদি আপোনাৰ ওঁঠ ৰুক্ষ হয়, তেন্তে সেয়াও এক চিন্তাৰ কাৰণ। থেৰাপিষ্টৰ মতে কেতিয়াবা লিপ বামৰ উপাদানে ওঁঠত এলাৰ্জী বা ৰুক্ষতা সৃষ্টি কৰে। প্ৰকৃততে ওঁঠক পুষ্টি দিবলৈ আৰু ফটা ওঁঠ ভাল কৰিবলৈ সঠিক উপাদানৰে লিপ বাম ব্যৱহাৰ কৰিব লাগিব। হিউমেক্টেণ্ট আৰু অক্লুচিভযুক্ত প্ৰস্তুতি ব্যৱহাৰ কৰিব লাগে। যিয়ে পানী শোষণ আৰু ধৰি ৰাখে। অন্যথা পানী বাষ্পীভৱন হোৱাৰ লগে লগে আপোনাৰ ওঁঠ দুটা শুকান হৈ পৰিব। সাধাৰণ হিউমেক্টেণ্ট হ’ল গ্লিচাৰিন আৰু হাইয়ালুৰনিক এচিড। লগতে লিপ বামত এছ পি এফ থকাটোও গুৰুত্বপূৰ্ণ। ওঁঠত মেলানিন নাথাকে। এছ পি এফে ইউ ভি ৰশ্মিৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ছালৰ প্ৰকাৰ অনুসৰি লিপ বাম বাছি ল’ব লাগে। অৱশ্যে লিপ বামত পোৱা এটা সাধাৰণ উপাদান লেনলিন, যি সময়ৰ লগে লগে এলাৰ্জী, বিৰক্তি আৰু ওঁঠ শুকান হোৱাৰ সমস্যাৰ বাবে ই দায়ী।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment