জুৰীয়াৰ ঐতিহ্যমণ্ডিত বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয় চৌহদ চাফাই অভিযান

আজি মংগল বাৰে বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয় চৌহদ চাফাই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ সকলৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে আজি হাতে হাতে ঝাৰু লৈ বিদ্যালয় চৌহদ চাফাই কৰা দৃশ্য আছিল অতি মনোৰম।
আজিৰ চাফাই অভিযানত যোগদান কৰে বিদ্যালয়ৰ খনৰ অধ্যক্ষ গৌতম মেদি, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভা পতি আবু তালেব, কায্য কৰি সভাপতি আব্দুৰ ৰফিক আনচাৰী সম্পাদক এহিয়া হাচান আনছাৰী, প্ৰাক্তন ছাত্ৰ CRPFজোৱান গোলাপ হুছেইন, শিক্ষক সিৰাজুল ইছলাম, শিক্ষক আবুল কালামৰ লগতে বিদ্যালয়ৰ খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল।
আজিৰ চাফাই অভিযানৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লগত লৈ পথ যাত্ৰাৰ কাৰ্যসূচী হাতত লোৱাৰ দৃশ্য পৰিলক্ষিত হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment