📌.তৃতীয় চক্ৰত ২.৭৯ চিজিপিএ লাভ কৰি B++ গ্ৰেড লাভ কৰিবলৈ সক্ষম
বৰপেটা জিলাৰ ঐতিহাসিক স্থান বৰনগৰ৷একালৰ কোচ সাম্ৰাজ্যৰ ৰাজধানী প্ৰাচীন বৰনগৰৰে অন্যতম নগৰ সৰভোগ। এই সৰভোগ নগৰ একালৰ বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীৰ আছিল মূল ঘাটি।এই ঐতিহাসিক সৰভোগৰ বৰনগৰ মহাবিদ্যালয় বৰ্তমান অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ,ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ(NAAC)ৰ সদ্য সম্পন্ন মূল্যায়নৰ তৃতীয় চক্ৰত ২.৭৯ চিজিপিএ লাভেৰে বৰনগৰ মহাবিদ্যালয়ে B++ গ্ৰেড লাভ কৰে ৷
মহাবিদ্যালয়খনৰ এই সাফল্যত বৰনগৰ মহাবিদ্যালয় অধ্যক্ষ,উপাধ্যক্ষ,ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা Internal Quality Assurance Cell(IQAC)ৰ Coordinator ড° আছিম উল ইছলাম তৱাহাৰ লগতে এইক্ষেত্ৰৰ লগত জড়িত মহাবিদ্যালয় অধ্যাপক/অধ্যাপিকা,কৰ্মচাৰী,ছাত্ৰ একতা সভা,অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সৰভোগৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জনাইছে৷
জ্ঞানৰ প্ৰদীপ জ্বলাই বৰনগৰ মহাবিদ্যালয়ৰ এই সফলতাৰ যাত্ৰা অব্যাহত থাকিব বুলি আশা ৰাখিছে ৷