তুৰস্কৰ ইস্তানবুল বিমানবন্দৰ বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰে। আমেৰিকাৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ আলোচনী গ্ল’বেল ট্ৰেভেলাৰৰ সমীক্ষাত তুৰ্কীৰ বিমানবন্দৰটোৱে এই স্বীকৃতি লাভ কৰে। বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ হোৱাৰ উপৰিও ইস্তানবুল বিমানবন্দৰ আন কেইবাটাও দিশতো শীৰ্ষত আছে। সেইবোৰ হ’ল – বিমানবন্দৰৰ খাদ্য আৰু পানীয় সেৱা, বিমানবন্দৰৰ বজাৰ আৰু শুল্কমুক্ত বজাৰ কৰা। খবৰ অনুসৰি এই সমীক্ষাত মুঠ ৫ লাখ পাঠকে অংশগ্ৰহণ কৰিছিল, ইয়াৰে ৯৬ শতাংশই বিভিন্ন কাৰণত নিয়মিতভাৱে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা গ্ৰহণ কৰে। সমীক্ষাত অংশগ্ৰহণ কৰা সকলোৱে নিজৰ অভিজ্ঞতাৰ ভিত্তিত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছিল। ইস্তানবুল বিমানবন্দৰ কৰ্তৃপক্ষই গ্ল’বেল ট্ৰেভেলাৰ্ছৰ সমীক্ষাৰ ফলাফলক আদৰণি জনায়। বিমানবন্দৰৰ যোগাযোগ বিভাগৰ সঞ্চালক গোখান চেংগুলে কয় যে, ইস্তানবুল বিমানবন্দৰে বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰকে ধৰি পাঁচটা শাখাত শীৰ্ষস্থান দখল কৰিছে, যিটো আমাৰ বাবে এক ডাঙৰ খবৰ। তেওঁ কয় যে বিমানবন্দৰৰ প্ৰতিজন কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰম, আন্তৰিকতা আৰু পেছাদাৰিত্বৰ বাবেই এই স্বীকৃতি সম্ভৱপৰ হৈছে।