Daily Time Axom

পিতৃয়ে ভৰিৰে গচকি গচকি হত্যা কৰিলে একমাত্ৰ চাৰিবছৰীয়া সন্তানক

0 38

গোলাঘাটৰ বৰপথাৰত নিশা মানৱ সমাজক ভূলুণ্ঠিত কৰা এক শোকাৱহ ঘটনা সংঘটিত হয় । পিতৃয়ে ভৰিৰে গচকি গচকি হত্যা কৰিলে একমাত্ৰ অমৃত হাও নামৰ চাৰিবছৰীয়া সন্তানক । বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক । উল্লেখযোগ্য যে পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল নিৰ্দয় পিতৃ প্ৰশান্ত হাওৱে। আনহাতে ঘটনাৰ কথা স্থানীয় এজন যুৱকে স্থানীয় গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মনকৰিবলগীয়া যে মাতৃ এলিচা হাও আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে। আনহাতে পূৰ্বতেও বিভিন্ন অপৰাধ মূলক কাৰ্যত লিপ্ত থকাত কেইবা বাৰু জেললৈ গৈছে পিতৃ প্ৰশান্ত হাওৱে।

Leave A Reply

Your email address will not be published.