Daily Time Axom

মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক স্মাৰকপত্ৰ প্ৰেৰণ

0 101

এটা সময়ত বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দূৰ দূৰণিলৈ পঢ়িবলৈ যাবলগীয়া হৈছিল আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে অধ্যয়ন জীৱন সামৰিবলৈ লগীয়া হৈছিল,এই সমস্যাটো বাৰুকৈ অনুভৱ কৰিছিল মাণিকপুৰৰ শিক্ষানুৰাগী ব্যক্তিসকলে,যাৰফলত ১৯৯৩ চনত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ জন্ম হয়,প্ৰথম অৱস্থাত গোবিন্দ ভৱন গীতা সত্ৰৰ চৌহদত পাঠদান আৰম্ভ কৰিছিল,প্ৰথম বৰ্ষত ৩৭ জনকৈ ছাত্ৰ-ছাত্ৰীৰে নতুন দিনৰ আৰম্ভণি হৈছিল,২০১৩ চনৰ ১ জানুৱাৰীত মহাবিদ্যালয়খন প্ৰাদেশিকৰণ হয় আৰু ২০১৯ চনত ২৫ বছৰ পাৰ কৰে৷
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় ১৯৯৩ চনত কলা শাখা লৈ ডিগ্ৰী মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা হৈছিল,মহাবিদ্যালয়খনে NAAC ৰ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম চক্ৰত C.G.PA ২.৩৭ লৈ বি গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে,মহাবিদ্যালয়খনত বিজ্ঞান আৰু বাণিজ্য শাখা প্ৰৱৰ্তনৰ বাবে পৰামৰ্শ দিছে।
বৃহত্তৰ মাণিকপুৰ অঞ্চলত কোনো বিজ্ঞান মহাবিদ্যালয় নাই।এই স্থানীয় অঞ্চলৰ আৰ্থিকভাৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়,বিজনী মহাবিদ্যালয়কে ধৰি বিভিন্ন জিলালৈ গৈ ইউজি পৰ্যায়ত বিজ্ঞান অধ্যয়ন কৰিব লগা হয়,গতিকে কলেজে চৰকাৰক প্ৰস্তাৱ দাখিল কৰিছিল,তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে ২০১৮ চনৰ ১৮ জুন তাৰিখে অনুমোদন জনায়,ইয়াৰ পিছত মহাবিদ্যালয়খনক লেবৰেটৰী অনুদান হিচাপে ১০ লাখ টকা প্ৰদান কৰা হয়,যিটো সঠিকভাৱে ব্যৱহাৰ কৰা হয় আৰু সময়মতে D.H.E ত ব্যৱহাৰৰ প্ৰমাণ পত্ৰ জমা দিয়া হয়,কিন্তু দুৰ্ভাগ্যজনকভাৱে ইয়াৰ পিছত এই বিষয়ত আৰু কোনো উন্নয়ন দেখা পোৱা নাই।আজি যাৰবাবে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু কমদিনৰ ভিতৰত বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীক কথাখিনি দৃষ্টিগোচৰ কৰিব৷

Leave A Reply

Your email address will not be published.