#আহোমলেণ্ড প্ৰদান আৰু টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত এই প্ৰতিবাদ
অসমৰ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু আহোমলেণ্ডৰ দাবীত আজি মৰাণ নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ সংগঠনটোৰ কেইবা শতাধিক কৰ্মকৰ্তাই মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সমূখৰ পৰা সমদল কৰি আহি মৰাণ নগৰৰ মাজমজিয়াত ট্ৰেফিক তিনিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ কাৰ্যসূচীত অংশগ্ৰহন কৰি টাইপাৰ সদস্যসকলে জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত বিভিন্ন শ্ল’গানেৰে মৰাণ নগৰ উত্তাল কৰি তোলে ৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহন কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে জনজাতিকৰণৰ নামত শাসনাধিষ্ঠ বিজেপি চৰকাৰক ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে ৷ ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্ৱে শাসনলৈ আহিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা ৯ বছৰ উকলি গ’ল বুলি উল্লেখ কৰি টাইপানেতাদ্বয়ে এইবাৰ মোডীৰ মিথ্যাচাৰ সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্ৱে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে ভোট বৰ্জন কৰাৰ লগতে নিৰ্বাচনত প্ৰৱল প্ৰতিবাদৰ সমূখীন হ’ব বুলিও সকিয়াই দিয়ে ৷