ৰশ্মিকাৰ ছবিবিকৃতি কাণ্ডত ধৃত ৪

ঘটনাৰ আৰম্ভণি হৈছিল ৰশ্মিকা মণ্ডনাৰ পৰা। হঠাৎ তেওঁৰ ছবিখন বিকৃত হৈ ভিডিঅ’ ৰূপত প্ৰচাৰিত হৈছেল। তাৰ পিছত এই অনৈতিক ঘটনা সংঘটিত হয় আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰাকে ধৰি কেইবাগৰাকীও অভিনেত্ৰীৰ ক্ষেত্ৰত। বুধবাৰে প্রশাসনে ৰশ্মিকা কাণ্ডৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে মূল ষড়যন্ত্ৰকাৰীজন এতিয়াও চিনাক্ত হোৱা নাই। যোৱা ১০ নৱেম্বৰত দিল্লী মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা লাভ কৰি দিল্লী আৰক্ষীয়ে কেইবাখনো ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰিছিল।

Assamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment