Daily Time Axom

ইজৰাইলৰ বিমান আক্ৰমণ, গাজাত এদিনতে ১০০ জন লোকৰ মৃত্যু

0 40

ইজৰাইলৰ বিমান আক্ৰমণত গাজাত এদিনত ১০০ জন লোকৰ মৃত্যু। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আছৰাফ আল-কুদ্ৰাই এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে। মঙলবাৰে সংঘটিত হয় এই আক্ৰমণ। যিয়েই নহওক,ইজৰাইলৰ আক্ৰমণত যোৱা ৭ অক্টোবৰৰ পৰা গাজাত কমেও ১৯,৬৬৭ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। আৰু ইজৰাইলত হামাছৰ আক্ৰমণৰ ফলত ১ হাজাৰ ১৪০ জন লোকৰ মৃত্যু হয়। ইজৰাইলৰ বাহিনীয়ে উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰ নিয়ন্ত্ৰণ কৰাৰ খবৰ আহিছে।
ইফালে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে দ্বিতীয় ৰাউণ্ডৰ মানৱীয় যুদ্ধবিৰতিৰ বাবে তেওঁলোক সাজু। বুধবাৰে ইজিপ্তলৈ গৈ যুদ্ধবিৰতি আৰু পণবন্দী বিনিময়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছে হামাছৰ জ্যেষ্ঠ মুৰব্বী ইছমাইল হানিয়েহ। ইফালে গাজাৰ দক্ষিণৰ ৰাফা চহৰতো নিৰন্তৰ গোলাবৰ্ষণ চলি আছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Leave A Reply

Your email address will not be published.