Daily Time Axom

জামুগুৰিহাটৰ ধলাইবিলত লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যালয় গৃহৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

0 42

জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত আজি উত্তৰজামুগুৰি লেখিকা সমাৰোহ সমিতিৰ এটি নৱনিৰ্মীত কাৰ্য্যালয় গৃহৰ দ্বাৰ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷উন্মোচনী ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে লেখিকা সমাৰোহ সমিতিৰ পদক্ষেপৰ আদৰনী জনাই কয় যে এই কাৰ্য্যালয় গৃহৰ জৰিয়তে অঞ্চলটোৰ মহিলা সকলে শৈক্ষিক সামজিক কাম কাজ পৰিচালনা কৰাত সহায়ক হব৷বিধায়ক গৰাকীয়ে নতুন কাৰ্য্যালয় গৃহটোৰ লগতে সংযোজন কৰি এটি পুথিভঢ়াল নিৰ্মানৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য্য অনুমোদন জনোৱাৰ কথাও ঘোষনা কৰে৷উত্তৰজামুগুৰি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অৱন্তী ভাগৱতীৰ সভাপতিত্ব অনুষ্ঠিত কাৰ্য্যালয় গৃহৰ উন্মোচনী অনুষ্ঠানটিত জিলা সভানেত্ৰী ৰূপালী বৰা,শাখা সম্পাদিকা লাহৰি বৰা হাজৰিকা সহ সদস্যা সকলৰ লগতে স্হানীয় গাঁওপঞ্চায়ত সভাপতি সচিব, সাহিত্য সভাৰ সভাপতি সম্পাদকৰ উপৰিও বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহন কৰে৷

Leave A Reply

Your email address will not be published.