Daily Time Axom

নিজৰ সময় দিব পৰা নাই নেকি ? কিছুমান ঠাই ভ্ৰমণ কৰক

0 62

নিজক সময় দিয়াটো আধুনিক জীৱনত অতি প্ৰাসংগিক বিষয়। দিনটোৰ সকলো মানসিক চাপৰ পৰা আঁতৰি থকাটো সহজ নহয়। তদুপৰি দিনটোৰ ভিতৰত কিছু সময় অকলে থাকিলে মানসিক আৰু আধ্যাত্মিক বিকাশ ঘটে। যিটো পৰিশোধিত জীৱনশৈলীৰ বাবে অতি উপকাৰী। কিন্তু যদি অকলে থাকিবলৈ, বা মনোযোগ দিবলৈ সময় নাপায়, তেন্তে এই কেইখন ঠাইলৈ যাওক। অলপ দূৰৈত ভাৰতৰ ভিতৰত এই ঠাইবোৰৰ সুন্দৰ প্ৰকৃতিয়ে আপোনাক সজীৱ কৰি তোলাত সহায় কৰিব।

বেনাৰস
ভাৰতৰ অন্যতম পুৰণি চহৰ। গংগাৰ পাৰ আৰু ঘাট, প্ৰাচীন মন্দিৰ, ইয়াৰ ৰাজপথৰ খাদ্যই আপোনাক আধ্যাত্মিক বিকাশত সহায় কৰিব। এই চহৰৰ ৰাজপথত ৰাতিপুৱাই খোজ কাঢ়িলে আপোনাৰ মনত সতেজ অনুভৱ হ’ব। ইয়াৰ উপৰিও গংগাপাৰৰ আৰতি, নাও ভ্ৰমণে আপোনাক শান্তি কঢ়িয়াই আনিব।

ধৰ্মশালা
দালাই লামাৰ নিজৰ ঠাই। ইয়াৰ বৌদ্ধ মঠটোৱে আপোনাক জিৰণি লোৱাৰ অনুশীলনত সহায় কৰিব। এই চহৰত বহুতো ধ্যান হল আছে। তদুপৰি ইয়াৰ প্ৰাকৃতিক পৰিৱেশেও আপোনাক মনত শান্তি লাভ কৰাত সহায় কৰিব।

উত্তৰাখণ্ড
ইয়াৰ যোগ আশ্ৰম অতি জনপ্ৰিয়। মনৰ শান্তিৰ সন্ধানত বহু দূৰৰ পৰা ইয়ালৈ মানুহ আহে। ইয়াত অশো ধ্যান বহুত ভাল।

ঈশা ফাউণ্ডেশ্যন আশ্ৰম
কইম্বাটুৰৰ ই অতি জনপ্ৰিয় ঠাই। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ যোগাসন কৰিবলৈ আহে। কোনো পাঠ্যক্ৰম নাই। সকলোৱে ইয়ালৈ আহি যোগাসন কৰিব পাৰে।

Leave A Reply

Your email address will not be published.