Daily Time Axom

নাজিৰাৰ বেতনী চাপৰিত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ অনৈতিক কাৰ্য

0 55

নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ১০৬০ নং মাদুৰি বেতনী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ এজন জ্যেষ্ঠ সহকাৰী শিক্ষকৰ বিৰুদ্ধে পঞ্চম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক অনৈতিক কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । অভিযোগ মতে বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক অভিজিৎ কোঁৱৰে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যোৱা শুকুৰ বাৰৰ দিনাও বিদ্যালয়ৰ শৈক্ষিক কোঠাৰ পৰা এখন কিতাপ আনিবলৈ দিয়ে আৰু ছাত্ৰী গৰাকী কোঠাৰ ভিতৰত কিতাপখন বিচাৰি থাকোতে শিক্ষক অভিজিৎ কোঁৱৰে ছাত্ৰীগৰাকীক সাবতি ধৰি গালত চুমা আৰু বুকুৰ হাত দি অনৈতিক কাৰ্য কৰে । ছাত্ৰীগৰাকীক প্ৰায়ে এনেদৰে নিৰ্যাতন চলাই শিক্ষকজনে ঘৰত কলে দেউতাকে ছাত্ৰীগৰাকীকহে মাৰপিত কৰিব আৰু স্কুলৰ পৰা উলিয়াই দিব বুলি ভাবুকি দিয়ে । ছাত্ৰীগৰাকীয়ে অৱশেষত ঘৰৰ পৰিয়ালৰ আগত বিবৰি কোৱাত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ আৰু স্থানীয় ৰাইজে প্ৰধান শিক্ষক কৈলাশ বৰগোঁহাইক ঘটনাৰ বিষয়ে জনোৱাত প্ৰধান শিক্ষকে বিষয়টো কোনো গুৰুত্ব নিদি ছাত্ৰীগৰাকীৰ পৰিয়ালক অভিযুক্ত শিক্ষক অভিজিৎ কোঁৱৰৰ পৰা কিছু টকা উলিয়াই দিব বুলি কৈয়ে ঘটনাৰ গাপ দিয়াৰ ব্যৱস্থা কৰে । আনহাতে যোৱা শুকুৰবাৰৰ দুপৰীয়াই বিদ্যালয়পৰা আতৰি যোৱা অভিযুক্ত শিক্ষক অভিজিৎ কোঁৱৰে আজি পৰ্যন্ত কোনো ছুটি বা কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে বিদ্যালয়ত উপস্থিত হোৱা নাই । ঘটনাৰ সন্দৰ্ভত আজি ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ছাত্ৰীগৰাকীক ন্যায় প্ৰদানৰ দাবী জনাই আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাত বিষয়টো অৱগত কৰাত আৰক্ষীয়ে বিদ্যালখনত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.