Daily Time Axom

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ ১৪৬জন !

0 41

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ। সেই সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। লোকসভাৰ পৰা নিলম্বিত সাংসদৰ সংখ্যা ১৪৬ জন। ইয়াৰ পূৰ্বে বিৰোধী দল এলায়েন্স ইণ্ডিয়াৰ সদস্যসকলে দিল্লীৰ ৰাজপথত চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধীয়ে সংগসাদৰ পৰা বিজয়চকলৈ সমদল উলিয়ালে। ইয়াৰ পিছতে অধ্যক্ষই তিনিজন সাংসদক নিলম্বন কৰাৰ কথা ঘোষণা কৰে। আজিৰ দিনটোত কংগ্ৰেছৰ ডি কে সুৰেশ, দীপক বাইজ আৰু নকুল নাথক নিলম্বন কৰা হয়। ১৩ ডিচেম্বৰত সাংসদক আক্ৰমণ কৰি বিৰোধী দলৰ সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে ইজনৰ পিছত সিজন। ফলত লোকসভা প্ৰায় বিৰোধী শূন্য হৈ পৰিছে।

Leave A Reply

Your email address will not be published.