তামুলপুৰ জিলা সদৰস্থিত আয়ুক্ত কাৰ্যালয় প্ৰাঙ্গণত আজি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি তথা মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জাৰিকাৰক সকলক অতিৰিক্ত তিনি শতাংশ কৰা আৰু এন পি এছ বাতিল কৰি অ’ পি এছ প্ৰচলন আদি কেইবাটাও দাবীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তামুলপুৰ জিলাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ তামুলপুৰ জিলাৰ সভাপতি ৰহেন বড়ো, সম্পাদক অমিত বৰুৱা সমন্বিতে জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।