লিডুত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ১০৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি ৰূপে লিডুত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷৷ আজি প্ৰথম দিনা গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰা হয় ৷৷ সমান্তৰালকৈ অনুষ্ঠিত হয় কবি সমাৰোহ ৷৷ কবি সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰৰ কবি সকল উপস্থিত থকাৰ লগতে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক প্ৰনৱ কুমাৰ বৰ্মন ৷