কটন কলেজিয়েট প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত অভিনেতা জয়ন্ত দাস, চিত্ৰনাট্যকাৰ, সমালোচক চন্দন শৰ্মাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

দুয়োজনকে সুৱৰিলে গুণমুগ্ধ আৰু শুভাকাংখীয়ে

কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আজি জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰয়াত জয়ন্ত দাস আৰু ৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ, চিত্ৰনাট্যকাৰ, সমালোচক চন্দন শৰ্মাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰাৰ পিছতেই দুয়োগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী মুকলি কৰে প্ৰয়াত জয়ন্ত দাসৰ জীয়ৰী জুহী দাস আৰু প্ৰয়াত চন্দন শৰ্মাৰ জীয়ৰী পাহী শৰ্মাই। শ্ৰদ্ধাঞ্জলী তৰ্পন কাৰ্য্যসূচীত প্ৰাক্তন ছাত্ৰ সকলৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলেও শ্ৰদ্ধাঞ্জলী তৰ্পন কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰাক্তন ছাত্ৰ সমিতিৰ সভাপতি, শিক্ষাবিদ ড০ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, চলচিত্ৰ পৰিচালক তথা প্ৰযোজক অশোক কুমাৰ বিষয়া, বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী, বিশিষ্ট অধিবক্তা শান্তনু ভৰালী, বিদ্যালয়ৰ অধ্যক্ষা ৰীতা বসুমতাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডা০ প্ৰাণজিৎ বৰুৱা আদিয়ে দুয়োগৰাকী প্ৰাক্তন ছাত্ৰক সোৱৰণ কৰি বক্তব্য ৰাখে। অনু্ষ্ঠানৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ সমিতিৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। প্ৰাক্তন ছাত্ৰ সমিতিয়ে দুয়োগৰাকী প্ৰাক্তন ছাত্ৰৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত দুয়োগৰাকী প্ৰাক্তন ছাত্ৰৰ সহপাঠীয়ে স্কুলীয়া আৰু কলেজীয়া দিনৰ লগতে তেওঁলোকৰ কৰ্মময় জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি আবেগিক হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, দুয়োগৰাকী আছিল কটন কলেজিয়েট বিদ্যালয় ৭৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment