মুকালমুৱাৰ কুৰোবড়ীত প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ মৃত্যু বাৰ্ষিকীত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

■যিটো সময়ত বিভিন্ন প্ৰান্তত পিতৃক পুত্ৰই নিৰ্যাতন বা অৱহেলা কৰাৰ ঘটনা সংঘটিত হৈছে তেনে সময়তে নলবাৰী জিলাৰ মুকালমুৱাৰ নিকতৱৰ্তী কুৰোৱড়ীত পিতৃৰ মৃত্যু বাৰ্ষিকীত মহান পদক্ষেপ লোৱা দেখা গৈছে এজন চিকিৎসক পুত্ৰক।
■প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত চিকিৎসক পুত্ৰ মাচুদ ইকবলে কুৰোৱড়ীত আয়োজন কৰে এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ।
■প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ পুত্ৰ ডাঃ ইফতিকাৰ হুছেইনৰ তত্বাৱধানত ব্যক্তিগত ধনেৰে আয়োজন কৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰটো।
■চৰকাৰী চিকিৎসা সেৱাই ঢুকি নোপোৱা তথা গ্ৰামাঞ্চলৰ পিছপৰা অঞ্চলৰ দৰিদ্ৰ লোক সকলৰ সুবিধাৰ্থে কুৰোৱড়ীত আয়োজন কৰে স্বাস্থ্য শিৱিৰটো।
■কুৰোৱড়ী ইছলামীয়া মাদ্ৰাছাত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য শিৱিৰটোত কেইবাজনো অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সহযোগত অঞ্চলটোৰ লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই।
■বিনামূলীয়া স্বাস্থ্য শিৱিৰটোত উপস্থিত হোৱা অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা কৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়।
■প্ৰয়াত প্ৰফেচাৰ বাবুৰ আলীৰ পুত্ৰ তথা মানৱদৰদী চিকিৎসক মাচুদ ইকবলৰ মহান পদক্ষেপক শলাগ লয় স্থানীয় লোকে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment