Daily Time Axom

অসম যুৱ পৰিষদৰ উদ্যোগতবৃহৎ নিয়োগ মেলাই কঢ়িয়ালে আশাৰ বতৰা

0 35

সহস্ৰাধিকৰ মেলাস্থলীতেই নিযুক্তি লাভ।

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা ৰাজনৈতিক দলৰ যুৱ সংগঠনে বৃহৎ নিয়োগমেলা আয়োজন কৰি নিবনুৱা যুৱক যুৱতীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক নিবনুৱা যুৱক-যুৱতীসকলক কাষ চপাই দিবলৈ সক্ষম হয়। আজি গুৱাহাটী খানাপাৰাস্থিত ফাৰ্মগেট খেলপথাৰত অসম গণ পৰিষদৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত আয়োজন কৰা বৃহৎ নিয়োগ মেলাত কেইবা সহস্ৰাধিক যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে। ৰাজ্যখনৰ ডেৰ শতাধিক বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰা এই নিয়োগ মেলাত ৰাতিপুৱাৰে পৰা দিঘলীয়া শাৰী পাতি যুৱক যুৱতীসকলে নিজৰ সংস্থাপনৰ বাট মুকলি কৰাৰ আশাৰে উপস্থিত হোৱা দেখা যায়। অসম গণ পৰিষদ দলৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা এই নিয়োগ মেলাত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, ভূপেন ৰায়, সত্যব্ৰত কলিতা, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড০ ৰঞ্জিত ডেকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, প্ৰচাৰ সম্পাদক ড০ তপন দাস আদি উপস্থিত থাকে। অষ্টম শ্ৰেণীৰ পৰা উচ্চশিক্ষা লাভ কৰা বিভিন্ন পৰ্য্যায়ৰ নিবনুৱা যুৱক যুৱতীসকলে বিভিন্ন পৰ্য্যায়ৰ পদৰ বাবে আজি নিয়োগ মেলাত অংশ গ্ৰহণ কৰে। নিয়োগ মেলাৰ স্থলীতেই সহস্ৰাধিক যুৱক-যুৱতীয়ে সংস্থাপন পোৱাৰ বাট আজিয়েই মুকলি হোৱাৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে কম দিনৰ ভিতৰতে যুৱক যুৱতীসকলৰ আবেদনৰ ভিত্তিত নিযুক্তিৰ বাবে নিমন্ত্ৰণ কৰিব বুলি আজি দায়বদ্ধতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অসম যুৱ পৰিষদে অতি শৃংখলাবদ্ধ ভাৱে আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সমূহক ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক নিযুক্তি দিবৰ বাবে চলোৱা এই প্ৰচেষ্টা সকলোৱে প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.