Daily Time Axom

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শনৰ সূচী প্ৰকাশ

0 25

মাহটোৰ নিৰ্দিষ্ট দিনত একোটা ৰাজহ চক্ৰত ৰাইজৰ অভিযোগ ল’ব জিলা আয়ুক্তই

কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে নিয়মীয়াকৈ জিলাখনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ পৰিদৰ্শন কৰিব আৰু মাটিৰ ভুৱা নামজাৰিকে ধৰি ভূমি সম্পৰ্কীয় বিষয়ত ৰাইজৰ অভিযোগ পোনপতীয়াকৈ গ্ৰহণ কৰিব৷ মাহটোৰ একোটা নিৰ্দিষ্ট দিনত জিলা আয়ুক্তগৰাকী একোটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব৷ এই সন্দৰ্ভত জিলা আয়ুক্ত গৰাকীয়ে এখন জাননী জাৰি কৰিছে৷ সেই অনুসৰি মাহৰ প্ৰথমটো শণিবাৰে চন্দ্ৰপুৰ ৰাজহ চক্ৰ, প্ৰথমটো দেওবাৰে আজাৰা ৰাজহ চক্ৰ, দ্বিতীয়টো দেওবাৰে সোনাপুৰ ৰাজহ চক্ৰ, তৃতীয়টো দেওবাৰে দিছপুৰ ৰাজহ চক্ৰ আৰু চতুৰ্থটো দেওবাৰে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্তগৰাকী উপস্থিত থাকিব৷ এই সূচী মতে, অহা দেওবাৰে জিলা আয়ুক্তগৰাকী গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব৷ যোৱা দেওবাৰে তেওঁ দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকি ৰাইজৰ অভিযোগ পোনপতীয়াকৈ গ্ৰহণ কৰিছিল৷

Leave A Reply

Your email address will not be published.