Daily Time Axom

টীয়কত আজিৰ পৰা পাঁচ দিনীয়াকৈ প্ৰথম টীয়ক গ্ৰন্থ মেলা আৰম্ভ

0 37

আজিৰ পৰা টীয়কত টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত পাঁচ দিনীয়াকৈ প্ৰথম টীয়ক গ্ৰন্থ মেলা আৰম্ভ হৈছে।বৃহত্তৰ অসমৰ বহুসংখ্যক স্বনামধন্য ব্যক্তিৰ উপস্থিতিত পুৱা টীয়কৰ বিশিষ্ট শিক্ষাবিদ কিৰণ চন্দ্ৰ গোস্বামীয়ে উদযাপন সমিতিৰ আৰু টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি প্ৰান্তনু দত্তই প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে।তাৰ পাছতে স্মৃতি তৰ্পণ,শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ হয়।ইপিনে গ্ৰন্থমেলাৰ বাকৰিত নিৰ্মিত বলুকা শিল্পৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশশইকীয়াই ।উক্ত কেওটি অনুষ্ঠান সুচাৰুৰূপে অনুষ্ঠিতৰ পাছত অসম সাহিত্য বঁটা প্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত ড৹ অকণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থমেলা আনুষ্ঠানিক ভাৱে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত সভাত অসমৰ বিশিষ্ট লেখক সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী,সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি টীয়ক প্ৰেছ ক্লাৱৰ এই পদক্ষেপক আদৰণি জনাই আৰু গ্ৰন্থমেলাখনৰ সফল সমাপ্তি কামনা কৰে।

Leave A Reply

Your email address will not be published.