Daily Time Axom

মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত বিশ্ব গণিত দিৱস উদযাপন

0 38

আজি ২২ ডিচেম্বৰ। আজি গণিতৰ পণ্ডিত শ্ৰী নিবাস ৰামানুজনৰ জন্ম দিৱস । আজিৰ দিনটো সমগ্ৰহ বিশ্বত বিশ্ব গণিত দিৱস হিচাবে পালন কৰা হয়। মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত বিশ্ব গণিত দিৱস উদযাপন কৰে।অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ত গবেশকৰ ছাত্ৰ মৌচিন খানৰ লগতে ধিং মহাবিদ্যালয়ৰ Associate Professor ডম্বৰু ধৰ কাকতি উপস্থিত থাকে।অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয় খনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আয়ানুৰ ৰহমানে শ্ৰী নিবাস ৰামানুজনৰ জীৱনীৰ লগতে গণিতৰ ওপৰত ৰচনা কৰি অনুষ্ঠানৰ আৰম্ভনি কৰে। বিদ্যালয় খনৰ অদক্ষ্য লুটফুৰ ৰহমানে ছাত্ৰ ছাত্ৰী সকলৰ লগত গণিত লৈ আলোচনা কৰাৰ লগতে অংক ক কেতিয়াও জঙ্ক পংক বুলি নাভাবিবলৈ আহ্বান জনায়। মৌচিন খানে গনিতক লৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বাখ্যা আগবহাই। অনুষ্ঠান উপস্থিত থকা মুখ্য অতিথি ডম্বৰু ধৰ কাকতিয়ে গণিতৰ বিভিন্ন বাখ্যা দিয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ অংকৰ ওপৰত থকা ভিবিন্ন সমস্যাৰ প্ৰশ্নৰ উত্তৰ আগবহাই । ডম্বৰু ধৰ কাকতিয়ে ছাত্ৰ ছাত্ৰী সকলক ভয় নকৰি মনযোগেৰে অংক কৰি যাবলৈ আহ্বান জনায়।2012 চনৰ পৰা 22 ডিচেম্বৰ দিনটো শ্ৰী নিবাস ৰামানুজনৰ জন্ম দিৱস পালন কৰি আহিছে মৈৰাবাৰী আদৰ্শ বিদ্যালয়ে। অনুষ্ঠানৰ লগত সংগঠিত ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Leave A Reply

Your email address will not be published.