অৰ্ধসামৰিক বাহিনীৰ যোৱান সকল কেৱল দেশ সুৰক্ষাৰ দায়িত্বতে সীমাবদ্ধ নহয় । দেশ সেৱাৰ উপৰিও সমাজৰ প্ৰতিটো দিশতে সেৱা আগবঢ়ায় আহিছে । আজি উত্তৰ গুৱাহাটীত, চি আৰ পি এফ ১৭৫ বেটালিয়ন ৰাণীৰ উদ্যোগত CIVIC ACTION PROGRAME”ৰ অধীনত এক দায়বদ্ধতামূলক অনুষ্ঠান হৈ যায়। উত্তৰ গুৱাহাটী ৰূদ্ৰসিংহ প্ৰাথমিক বিদ্যালয়ৰ এটি পানী যোগান প্ৰকল্পৰ পুণৰ নিৰ্মাণ কামৰ আজি শুভ উদ্বোধন কৰে । চি আৰ পি এফ ১৭৫ বেটালিয়ানৰ কমাণ্ডেণ্ট অফিচাৰ ৰাজীব ঝাই পানী কলটো উদ্বোধন কৰি বিদ্যালয়খনৰ এটি অভাব পুৰণ হয় বুলি কয় । পৰবৰ্তী সময়ত বিদ্যালয় খনৰ উন্নয়নৰ দায়িত্ব লোৱাৰো আশ্বাস দিয়ে ঝাই । অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক তথা অবসৰী প্ৰধাণ শিক্ষক ভূমিধৰ ডেকাক শুভেচ্ছা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে ।