কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত কচুৱা তিনিআলি প্ৰাথমিক বিদ্যালয়ত অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা সামৰণি

নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ সৌজন্যত কচুৱা তিনিআলি প্রাথমিক বিদ্যালয়ত খণ্ড পৰ্যায়ৰ পাঁচ দিনীয়া প্রাক শৈশৱ যতন আৰু শিক্ষাৰ ওপৰত শিক্ষক শিক্ষয়িত্ৰী সকলৰ অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয় । কচুৱা তিনিআলী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পাঁচ দিনীয়া অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাত কঠিয়াতলী শিক্ষা খণ্ডৰ আঠটা সমল কেন্দ্ৰৰ ৩০ গৰাকী বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহন কৰে। কণ কণ শিশুসকলে বিদ্যালয় মুখি হোৱা আৰু উচিত শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰে অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয়। কঠীয়াতলী শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সমল ব্যক্তি অনুৰুদ্ব কুৰ্মীৰ সহযোগত অনুস্থিত হোৱা অনুষ্ঠানত উপস্থিত থাকে কঠীয়াতলী শিক্ষা খণ্ডৰ সমল ব্যক্তি কামাল উদ্দিন আহমেদ, টঙ্কেশ্বৰ বৰদলৈ আদি।

AssamDaily time axomIndia
Comments (0)
Add Comment