Daily Time Axom

আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ পৰা বহিঃৰাজ্যলৈ ভাৰাটিয়া হিচাপে সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ট্ৰাক জব্দ

0 32

নাগালেণ্ড টুৱেঙচাং নগা আৰক্ষীয়ে বিনা কাৰণত ট্ৰাক আৱদ্ধ কৰি থোৱাক লৈ উত্তেজনা, নগা আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

শিৱসাগৰৰ আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ হালোৱাটিঙৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ভাৰাটিয়া হিচাপে সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ট্ৰাক জব্দ কৰে নগা আৰক্ষীয়ে | মালবাহী ট্ৰাকখনৰ নম্বৰ AS 04 BC 9485 বুলি জানিব পৰা গৈছে | ট্ৰাকখন মুকলি কৰি দিবলৈ নগা আৰক্ষী বিষয়াক লাগে দাবী কৰা নগদ ধন | নাজিৰা সীমান্তৱৰ্তী গেলেকী দেওপানী বস্তিৰ নিবাসী ৰমিজুদ্দিন আহমেদ নামৰ যুৱকজনৰ এখন টাটা বাণিজ্যিক বাহন আছিল | এই বাহনৰ যোগেদি সতীৰ্থৰ লগত ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছিল যুৱকজনে | যোৱা ৫ ডিচেম্বৰত নাগালেণ্ডৰ এটা পথ নিৰ্মাণৰ বাবে ৪২ ড্ৰাম “বিতুমিণ” হালোৱাটিঙৰ পৰা ভাড়া লৈ গৈছিল ট্ৰাকখনে | গন্তব্যস্থান গৈ পোৱাৰ পাছত পথ নিৰ্মাণৰ কামত নিয়োজিত মেনেজাৰ ওমেচ কুমাৰ নামৰ লোকজনে সামগ্ৰীখিনিৰ বিভিন্ন অজুহাত দেখুৱাই সামগ্ৰী প্ৰেৰণ কৰা লোকজন সেই স্থান গৈ পালেহে ট্ৰাকখন ওভতাই পঠাম বুলি সদৰি কৰে | তেতিয়া যুৱকজনে সামগ্ৰী প্ৰেৰণ কৰা মালিকপক্ষ্যলৈ ফোন যোগেৰে যোগাযোগ কৰে | যদিও ফোন ৰিছিভ নকৰে, সামগ্ৰী প্ৰেৰণ কৰা মালিকপক্ষ্যই | ফলত উপায়হীন হৈ যুৱকজন আহি প্ৰথমে হালোৱাটিঙ আৰক্ষী আৰু পৰৱৰ্তী সময়ত টুৱেঙচাং নগা আৰক্ষীৰ ওচৰত এই বিষয়ে লিখিত অভিযোগ দাখিল কৰে | তেতিয়া টুৱেঙচাং আৰক্ষীয়ে ট্ৰাকখন আৰু মেনেজাৰ জনক টুৱেঙচাং থানালৈ লৈ আহে | টুৱেঙচাং থানাতেই দুইপক্ষৰ মাজত বুজাপৰা কৰি দিয়ে আৰু মেনেজাৰ পক্ষক থানাৰ পৰা জাবলৈ দিয়ে | ভুক্তভূগীয়ে সংবাদ-মাধ্যমক অৱগত কৰা অনুসৰি, ট্ৰাকখন মালিকপক্ষ্যই টুৱেঙচাং থানাৰ পৰা লৈ আহিবৰ বাবে ৩০ হাজাৰ টকা দাবী কৰে থানাৰ বিষয়াগৰাকীয়ে | বাহনখনৰ সকলো নথি পত্ৰ সম্পূৰ্ণ থকা আৰু কোনো ধৰণৰ অপৰাধ নকৰাৰ বাবে এই দাবী কৰা ধনৰাশি টুৱেঙচাং থানাত দিবলৈ অমান্তি হয় যুৱকজন | দাবী কৰা ধন নাপায় টুৱেঙচাং থানাৰ বিষয়াগৰাকীয়ে বাহনখন এৰি দিবলৈ অমান্তি হয় | তেতিয়া পুনৰ উপায়ন্তৰ হৈ ট্ৰাকৰ গৰাকীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে | কিন্তু এই মূহুৰ্তলৈকে জিলা আৰক্ষী অধীক্ষকৰ লগতে হালোৱাটিঙ আৰক্ষীয়ে মালবাহী ট্ৰাকখন নাগালেণ্ড টুৱেঙচাং আৰক্ষী থানাৰ পৰা মুকলাই আনিবলৈ সক্ষম হোৱা নাই |

Leave A Reply

Your email address will not be published.