জুৱাৰ কবলত স্কুলীয়া ছাত্ৰ, চাহ বাগিছা লাইনৰ “নাকালু” নামৰ যুৱকজনৰ নেতৃত্বত জুৱা-সুৰাৰ বেহাৰ লগতে কুকুৰা যুঁজৰ নামত ২৫০ টকাকৈ ধন সংগ্ৰহ
নাজিৰা আৰক্ষী থানা অধীনৰ লিগিৰীপুখুৰী ডালমিয়া ইটা ভাটাত নিতৌ আবেলি পৰত চলিছে জুৱা-সুৰাৰ বেহা | লগতে লিগিৰীপুখুৰী ডালমিয়া ইটা ভাটাত প্ৰতি সপ্তাহৰ দেওবাৰৰ দিনটোত কুকুৰা যুঁজৰ নামত মুকলিকৈ চলাই গৈছে সমাজ বিৰোধী কাৰ্য কলাপ | এই কুকুৰা যুঁজত ভাগ লৈছেহি দূৰ-দূৰণিৰ পৰা অহা একাংশ জুৱাৰীয়ে | নাজিৰা আৰক্ষী মৌনতাত জুৱাৰ কবলত পৰিছে স্কুলীয়া ছাত্ৰ | সমাজত বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ মাত্ৰা | ভুক্তভূগীয়ে সংবাদ-মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি লিগিৰীপুখুৰী ডালমিয়া ইটা ভাটাত চাহ বাগিছা লাইনৰ “নাকালু” নামৰ যুৱকজনৰ নেতৃত্বত জুৱা-সুৰাৰ বেহাৰ লগতে কুকুৰা যুঁজৰ নামত ভাগ লোৱা প্ৰতিটো জুৱাৰীৰ পৰা ২৫০ টকাকৈ নগদ ধন সংগ্ৰহ কৰিছে | বিশেষকৈ দীপাৱলীৰ পাছৰে পৰা এই অঞ্চল সমূহত শ্ৰী শ্ৰী কালী পূজাতো নিশা অবাধ জুৱাৰ প্ৰচলন হৈ আহিছে | ৰাজা, চাৱ’ন, ৰাম আৰু ৰবিৰ নেতৃত্বত লিগিৰীপুখুৰী চাহ বাগিছাত ওৰে নিশা তিনিটাত চলিল ধাইচ খেল আৰু এই জুৱা | অভিযোগ অনুসৰি সংগ্ৰহ হৈছে লক্ষাধিক টকা | বৰ্তমানলৈকে নাজিৰা আৰক্ষীয়ে এই জুৱাৰী বৃহৎ চক্ৰটোক উৎসাত কৰিবলৈ সক্ষম হোৱা নাই | আনহাত দীৰ্ঘদিন ধৰি পুলিচৰ চকুত ধূলি দি আন এটা জুৱাৰী চক্ৰৰ সহযোগত “নাকালু” নামৰ জুৱাৰীটোৱে লিগিৰীপুখুৰী ডালমিয়া ইটা ভাটা আৰু শ্মশানস্থলীৰ কাষত এই যুঁজ চলাই আহিছে |