এগৰাকী জটিল ৰোগ অৰ্থাত কেন্সাৰ ৰোগীক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে আহ্বান

লাহৰীঘাটৰ বৰখাবল গাঁৱৰ ১০ নং ৱাৰ্ডৰ নবী হুছেইন নামৰ এগৰাকী মধ্য বয়সৰ পুৰুষ আক্ৰান্ত হৈছে জটিল বেমাৰ অৰ্থাৎ কেন্সাৰ ৰোগত।

উক্ত ৰোগী গৰাকীৰ অস্ৰোপ্ৰচাৰৰ লগতে উন্নত চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন । বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ খৰচ বহন কৰি আৰ্থিকভাৱে ভাঙি পৰিছে পৰিয়ালটো ।

সেয়েহে ৰোগী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সহৃদয় ব্যক্তিৰ সহায় বিচাৰিছে ৰোগী গৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মৰিগাঁও জিলাৰ স্কাউট এণ্ড গাইডৰ জিলা সম্পাদক-বিশিষ্ট সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকাই ।

আপোনাৰ এধানি সহায়ে সুস্থ কৰিব তুলিব পাৰে ৰোগীগৰাকীক, ৰোগী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে 60014 61932 phone pay নম্বৰত pay যোগে আপুনি আগবঢ়াব পাৰে আপোনাৰ সহায়ৰ হাত।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment