দক্ষিণ শালমাৰাৰ পাটাকাটাত অবৈধ বিদ্যুৎ সংযোগ আৰু বকেয়া বিদ্যুৎ বিল আদায় নিদিয়া গ্ৰাহকৰ বিৰুদ্ধে মানকাচৰ বিদ্যুৎ বিভাগৰ অভিযান

মানকাচৰ বিদ্যুৎ বিভাগৰ অভিযানত পাটাকাটা গাঁও পঞ্চায়তৰ সভাপতিৰ অভিভাৱক তথা গ্ৰাহক মিৰাজুল হকৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

গ্ৰাহক মিৰাজুল হকৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক দুৰব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে বিদ্যুৎ বিভাগৰ সহায়ক ৰিয়াজুল ইছলামৰ বিৰুদ্ধে ধনৰ বিনিময়ত গ্ৰাহকক অবৈধ বিদ্যুৎ সংযোগ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে গ্ৰাহক মিৰাজুল হকৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক দুৰব্যৱহাৰ কৰাৰ অভিযোগত মানকাচৰ বিদ্যুৎ বিভাগে মিৰাজুল হকৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত গোচৰ ৰুজু কৰে।

ইপিনে, বিদ্যুৎ বিভাগৰ সহায়ক ৰিয়াজুল ইছলামৰ বিৰুদ্ধেও ৰাইজে দক্ষিণ শালমাৰা থানাত গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে।

সম্প্ৰতি দুয়োজনৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত গোচৰ ৰুজু হৈছে যদিও দক্ষিণ শালমাৰা থানাৰ আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ উৰ্ধতন কতৃপক্ষৰ তদন্তৰ পাছত হে পোহৰ লৈ আহিব সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী।

AssamDaily time axomIndia
Comments (0)
Add Comment