নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বীতাৰ পথ মোকলোৱাৰ প্ৰচেষ্টা কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱকৰ

চৰকাৰী চাকৰিৰ পিছে পিছে খেদি ফুৰা বাদ দি নাৰ্ছাৰী ব্যৱসায়ৰে আত্মসংস্থাপন পথ মোকলোৱাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰৰ এজন যুৱকে ।
কলিয়াবৰ কুঠৰী নজান গাঁৱৰ এই শিক্ষিত যুৱক জনৰ নাম পুণ্যজিৎ দাস । স্নাতক ডিগ্ৰীধাৰী পুণ্যজিতে কুঠৰীত স্থাপন কৰিছে ধৰিত্ৰী নামৰ এখন নাৰ্ছাৰী । উদ্যান শস্যৰ ওপৰত এক প্ৰশিক্ষণ গ্ৰহণ কৰি এই ব্যৱসায়ত নামি পৰিছে শিক্ষিত যুৱকজন । পুণ্যজিতৰ নাৰ্ছাৰীখন বৰ্তমান স্থানীয় ৰাইজৰ আকৰ্ষণ কেন্দ্ৰ বিন্দু হৈ পৰা দেখা গৈছে। নাৰ্ছাৰী ব্যৱসায়ত নামি নিজকে সুখী অনুভৱ কৰা পুণ্যজিতে নাৰ্ছাৰীৰ ব্যৱসায়েৰে ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠিত হব পাৰিব বুলি আত্ম বিশ্বাসী ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment