তামুলপুৰৰ মাজগাৰীত আজি জিলা ভিত্তিক পিপল অৱ দ্য ৱৰ্ল্ড প্ৰেজেণ্ট ব্ৰহ্মপুত্ৰ ভলীবল লীগ, চিজন-4 অনুষ্ঠিত হয়। অসম ভলীবল মিছন-100 ৰ উদ্যোগত আৰু মাজগাৰী অজাপাৰ বিউটি ক্লাবৰ সহযোগত ১৬ অনুৰ্ধ লৰা আৰু ছোৱালী উক্ত ব্ৰহ্মপুত্ৰ ভলীবল লীগ তামুলপুৰৰ কচুকাটা ভলীবল কোচিং চেন্তাৰত অনুষ্ঠিত কৰা হয়। আজিৰ এই খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই। আজিৰ খেলত লৰা আৰু ছোৱালীৰ পাঁচটা দলে অংশগ্ৰহণ কৰে। উক্ত খেলখনত বিজয়ী সকলৰ পৰা নিৰ্বাচন কৰি অন্য জিলাৰ লগত আৰু পিছত এনেদৰে ৰাজ্যিক ভিত্তিক খেললৈ নিৰ্বাচন কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।