Daily Time Axom

তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন

0 44

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰত আৰক্ষীৰ নিয়মীয়া তালাচীৰ বেহু ফালি তীব্র বেগী বাইক চালকে আৰক্ষীক মহতিয়াই পলায়ন। সৰুপথাৰত কৰ্তব্যৰত আৰক্ষীক মহতীয়ালে উদণ্ড বাইক আৰোহীয়ে। সৰুপথাৰ নগৰৰ ৰেল কৰ্চিংৰ সমীপত আজি সন্ধীয়া প্ৰায় ৭.৪৫ মান বজাত সৰুপথাৰ আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ সময়ত এজন উদণ্ড বাইক আৰোহীয়ে তীব্র বেগেৰে আহি কৰ্তব্যৰত আৰক্ষীক খুন্দিয়াই আহত কৰি পলায়ন কৰে। কৰ্তব্যৰত এগৰাকী আৰক্ষী হেড কনিষ্টবলক কিছু দুৰ চোঁচৰাই নিয়ে বাইক আৰোহীয়ে । বাইক আৰোহীৰ খুন্দাত সৰুপথাৰ আৰক্ষী থানাৰ হেড কনিষ্টবল মনোহৰ সিং নাৰ্জাৰী গুৰুতৰভাৱে আহত হয়। কৰ্তব্যৰত আৰক্ষী গৰাকীয়ে হাত আৰু ভৰিত জখম হয়। আহত আৰক্ষী কনিষ্টবল জনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে। উদণ্ড বাইক আৰোহীক বিচাৰী আৰক্ষীৰ অভিযান তীব্রতৰ।

Leave A Reply

Your email address will not be published.