তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত দিৱা-নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেটৰ চেম্পিয়ন ডেকা ব্ৰাদাৰ্ছ

কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা তৰুণ অসম সেৱক সংঘৰ সৌজন্যত চাংসাৰি হাইস্কুল খেলপথাৰত ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে নিশা সামৰণি পৰে।

অন্তিম দিনাৰ ছেমিফাইনেল খেল উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে সহযোগ কৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই ।

চূড়ান্ত খেল উদ্বোধন কৰে বেজেৰা মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰজ্যোতি কলিতাই ।

চূড়ান্ত খেলখন ৰিয়ান এলোভেন আৰু ডেকা ব্ৰাদাৰ্ছৰ মাজত অনুষ্ঠিত হয় ।

ডেকা ব্ৰাদাৰ্ছচে ৰিয়ান এলেভেনক পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰে।

খেল পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি বিজয়ী দল ডেকা ব্ৰাদাৰ্ছক চূড়ান্ত ট্ৰফীৰ সৈতে নগদ ৫০ হাজাৰ আৰু বিজিত দল ৰিয়ান এলোভেনক চূড়ান্ত ট্ৰফীৰ সৈতে নগদ ২৫হেজাৰ ৫০০টকা প্ৰদান কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment