Daily Time Axom

কোনে সুস্মিতাৰ সন্তানৰ পিতৃৰ নাম জানিব বিচাৰিলে

0 56

মিছ ইউনিভাৰ্ছ, অভিনেত্ৰী – এইবোৰৰ বাহিৰেও সুষমিতা সেনৰ আন এক পৰিচয় আছে। এগৰাকী চিংগল মাতৃ। মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ মাতৃ হোৱাৰ সিদ্ধান্ত লৈছিল। আৰু সেই সিদ্ধান্তৰ বাবে আজিও তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এক সাক্ষাৎকাৰত এই মন্তব্য দিয়ে অভিনেত্ৰীগৰাকীয়ে।
শেহতীয়াকৈ পাছপ’ৰ্ট অফিচত তেওঁৰ সন্তানৰ পিতৃৰ নাম বিচাৰিছিল। আৰু সেই প্ৰেক্ষাপটতে সেন সুন্দৰীয়ে এক সাক্ষাৎকাৰত চিংগল মাতৃ হোৱাৰ যাত্ৰাৰ বিষয়ে কৈছিল। তেওঁৰ মতে আজিও ভাৰতত অবিবাহিত মহিলাকহে একক মাতৃ হিচাপে গণ্য কৰা হয়। আপুনি যিয়েই নকৰক কিয়, সকলোৱে পিতৃৰ নাম জানিব বিচাৰে। আজিও এই দেশত পিতৃৰ নাম নোহোৱাকৈ পাছপ’ৰ্ট দিয়া নহয়। আৰু সেইবাবেই সুষমিতাৰ অসুবিধা হৈছিল। অভিনেত্ৰীগৰাকীৰ মতে, “পাছপ’ৰ্টৰ কাগজত ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃৰ নাম জানিব বিচাৰে।” একক মাতৃৰ ক্ষেত্ৰত কেৱল মাতৃৰ নামহে দিব পাৰি। শেষত মই আদালতলৈ যোৱাত মোক অনুমতি দিয়া সেই চিঠিখনেই মোৰ জীৱনৰ আটাইতকৈ সুখৰ চিঠি।”
একক মাতৃৰ বাবে সলনি হৈছে আইন। কিন্তু বহুতে সকলো তথ্য নাজানে। সুষমিতা সেন তেওঁলোকৰ বাবে প্ৰেৰণা।

Leave A Reply

Your email address will not be published.