Daily Time Axom

মৰাণ জাতীয় বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আৰম্ভ

0 37

বৃহত্তৰ মৰাণ অঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান মৰাণ জাতীয় বিদ্যালয়ে অতিক্ৰম কৰিছে গৌৰৱোজ্জ্বল ২৫ বৰ্ষ ৷ এই উপলক্ষে বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত আজিৰে পৰা বিদ্যালয়খনত আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আজি প্ৰথমদিনা পুৱা মৰাণ অঞ্চলৰ ২৫ গৰাকী শিক্ষাবিদ, সাহিত্যিক, সাংবাদিককে ধৰি গন্যমান্য ব্যক্তিয়ে ৰূপালী জয়ন্তীৰ ২৫ পতাকা উত্তোলন কৰাৰ পাছতে কাৰ্যসূচী আৰম্ভ হয় ৷ দুয়োদিনৰ কাৰ্যসূচীত মৰাণ অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ৷

Leave A Reply

Your email address will not be published.