Daily Time Axom

যৌন নিৰ্যাতনৰ প্ৰতিশোধ লৈ ৩ কিশোৰে যুৱকক হত্যা কৰি জুই লগাই দিলে

0 42

যৌন নিৰ্যাতনৰ প্ৰতিশোধ ল’বলৈ তিনিগৰাকী কিশোৰে ২৫ বছৰীয়া যুৱকক হত্যা কৰে। হত্যাকাণ্ডৰ পিছত শুকান গেছেৰে কাপোৰত জুই লগাই দিয়ে।
দেওবাৰে আৰক্ষীয়ে এই ভয়ানক হত্যাকাণ্ডৰ খবৰ দিয়ে। যোৱা ২১ ডিচেম্বৰত দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত সংঘটিত হৈছিল এই ঘটনা। হত্যাকাণ্ডৰ পিছতে তিনিগৰাকী ছোৱালীয়ে আৰক্ষীক ফোন কৰি ঘটনাৰ খবৰ দিয়ে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিশোধৰ স্বাৰ্থত তিনিজন লোকে যুৱকজনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.