কুকুৰ এটাক বচাবলৈ গৈ মৃত্যু হ’ল যুৱকৰ !তাৰপাছত কুকুৰটোৱে কি কৰিলে আচৰিত হ’ব

২১বছৰীয়া টিপেশ দক্ষিণ কৰ্ণাটক ৰাজ্যৰ শিৱমোগা জিলাৰ বাসিন্দা। ১৬ নৱেম্বৰত শিৱমোগাৰ এটা পথত তেওঁৰ বাইক দুৰ্ঘটনা হয়। সেই দুৰ্ঘটনাত যুৱকজনৰ মৃত্যু হয়। এটা কুকুৰক বচাবলৈ গৈ যুৱকজনে এক মৰ্মান্তিক দুৰ্ঘটনাৰ সন্মুখীন হয়। টিপেশে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনকি চিকিৎসকৰ প্ৰচেষ্টাইও তেওঁক বচাব পৰা নাছিল। ফলত টিপেশৰ মৃত্যু হয়। কিন্তু আচৰিত কথাটো শুনিলেই আচৰিত হ’ব আপুনিও।

তেওঁৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা মতে তেওঁলোকৰ ঘৰলৈ সেই কুকুৰটো আহিছিল। প্ৰকৃততে দুৰ্ঘটনাস্থলীটো আছিল প্ৰায় আঠ কিলোমিটাৰ দূৰত। ইমান দূৰৰ পৰা সি আহি টিপেশহঁতৰ ঘৰ পাইছিল। কিন্তু কোনো ক্ষতি কৰিবলৈ সি অহা নাছিল। বৰঞ্চ সি আহি যি কৰিলে সেয়া আচৰিত হ’বলগীয়া।

মৃত তিপেশৰ মাতৃয়ে কি কৈছে?
তিপেশৰ মাতৃ যশোধম্মাই সংবাদ মাধ্যমৰ আগত কয় যে পুত্ৰৰ মৃতদেহ দাহ কৰাৰ পিছত এটা কুকুৰে আমাৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চুবুৰীৰ কুকুৰৰ বাবে সি সোমাব নোৱাৰি কিছুদিন পিছত কুকুৰটোৱে এটা সুযোগ পাই ঘৰত প্ৰৱেশ কৰি তিপেশৰ মাকৰ হাতত মূৰটো থৈ শুই পৰে। যশোধম্মাৰ মতে,তেওঁ টিপেশৰ মৃত্যুত শোক প্ৰকাশ কৰা যেন সকলোৱে অনুভৱ কৰিছিল তেতিয়া। তাৰপাছত কুকুৰটো তেওঁলোকৰ ঘৰতে থাকে।

টিপেশৰ আত্মীয়ই কি কৈছে
কুকুৰটোৱে প্ৰায় ৮ কিলোমিটাৰ আহি টিপেশৰ ঘৰ পায়হি। টিপেশৰ এজন আত্মীয়ৰ মতে, দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত্বত টিপেশৰ ঘৰ। গাড়ীখন ঘৰলৈ লৈ যোৱাৰ সময়ত কুকুৰটো গাড়ীখনৰ পিছে পিছে যায়। ঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত কুকুৰটো তেতিয়াও আছিল। তিনিদিন পিছতহে কুকুৰটো ঘৰত প্ৰৱেশ কৰে আৰু মাকৰ ওচৰলৈ যায়।

টিপেশৰ ভগ্নী চন্দনাই সংবাদ মাধ্যমৰ আগত কয় যে কুকুৰটোৰ প্ৰতি তেওঁলোকৰ কোনো ক্ষোভ নাই। দুৰ্ঘটনাৰ বাবেই চন্দনাই দুৰ্ভাগ্যবশতঃ ককায়েকক হেৰুৱাই। বৰঞ্চ এই ঘটনাৰ পিছত কুকুৰটোৰ কি হ’ল সেয়া দেখিহে তেওঁলোক আচৰিত। এতিয়া কুকুৰটো ভালেই আছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment