ধনশিৰি জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত ধনশিৰিবাসী ৰাইজৰ সহযোগত নৱনিৰ্বাচিত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক ৰাজহুৱাভাৱে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি চুতীয়া জনগোষ্ঠীৰ ৰাণী বীৰাংগনা সতী সাধনী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃসিদ্ধেশ্বৰ বৰাৰ লগতে বিশিষ্ট ব্যক্তি সকলে। চুতীয়া জাতি সন্মিলন অসমৰ নৱনিৰ্বাচিত সদৌ অসম চুতীয়া জাতি সন্মিলৰ সভাপতি বিবুল(BIBUL) হাজৰিকা, সাধাৰণ সম্পাদক নিপেন শইকীয়া, উপ সভাপতি জীৱন চুতীয়াক ৰাজহুৱা ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আনহাতে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হা , ধনশিৰি জিলা চুতীয়া যুৱ সন্মিলন , ধনশিৰি জিলা চুতীয়া জাতি মহিলা সন্মিলন , চুতীয়া জাতি যুৱ সন্মিলনৰ লগতে চুতীয়া জনগোষ্ঠীটোৰ অন্তগত সংগঠন সমূহৰ বিভিন্ন আঞ্চলিক সমিতিৰ তৰফৰ পৰাও তিনিওগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সৰুপথাৰস্থিত আশীৰ্বাদ বিবাহ ভৱনত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত চুতীয়া জনগোষ্ঠীটোৰ ধনশিৰি মহকুমাৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে পায় দুই শতাধিক ৰাইজ উপস্থিত থাকে ।। ।