বিশ্বৰ আটাইতকৈ বয়সীয়াল কাছ জোনাথনে ১৯১ বছৰ সম্পূৰ্ণ কৰিলে

১৯০ বছৰ ভৰি দি বিশ্বৰ আটাইতকৈ বয়সীয়াল কাছ জোনাথনৰ বয়স হ’ল ১৯১ বছৰ। শেহতীয়াকৈ কাছটোৰ জন্মদিনটো কেক কাটি উদযাপন কৰা হয়। দক্ষিণ আটলাণ্টিকৰ ছেইণ্ট হেলেনাৰ গৱৰ্ণৰৰ চৰকাৰী বাসগৃহ প্লেণ্টেচন হাউচত জনাথনে অৱসৰ গ্ৰহণ কৰে। জোনাথনৰ সংগী হ’ল এমা নামৰ ৫০ বছৰীয়া মাইকী কচ্ছপ। জন্মদিনত জোনাথনৰ প্ৰিয় খাদ্য আছিল বিলাহী, আপেল আৰু নাচপতিৰে বনোৱা কেক।
কাকতলীয়াকৈ ক’বলৈ গ’লে ১৮৩২ চনত জন্মগ্ৰহণ কৰিছিল জোনাথনৰ। ৫০ বছৰ বয়সত ব্ৰিটেইনলৈ অনা হৈছিল জোনাথন। চলিত বৰ্ষৰ আৰম্ভণিতে জোনাথনক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ আটাইতকৈ পুৰণি জীৱিত স্থলজ প্ৰাণী হিচাপে ঘোষণা কৰিছিল। এই মাহত জোনাথনক এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কাছ হিচাপে ঘোষণা কৰা হয়। কাছটোৰ মুখ্য ৰক্ষক জো হলিন্স আৰু ছেইণ্ট হেলেনা কৰ্তৃপক্ষই জনাথনৰ জন্মদিনত দীৰ্ঘায়ু কামনা কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment