Daily Time Axom

কংগোত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বানপানীৰ ফলত ২২ জন লোকৰ মৃত্যু

0 37

বছৰৰ শেষত আকৌ অশান্ত কংগো। প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ফলত বহল অঞ্চলত বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰৰ ধুমুহা বতৰত কমেও ২২ জন লোকে প্ৰাণ হেৰুৱালে। ইয়াৰে এটা পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যু হৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি সোমবাৰৰ মাজনিশাৰ পৰা মঙলবাৰে দুপৰীয়ালৈকে অবিৰতভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মধ্য কংগো বিধ্বস্ত হৈ পৰিছে। বৰষুণৰ সময়ত বহু অঞ্চলত ভূমিস্খলন সংঘটিত হয়।

মন কৰিবলগীয়া যে ডিচেম্বৰৰ আৰম্ভণিতে পূব কংগোত হোৱা প্ৰচণ্ড বৰষুণত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছিল।

Leave A Reply

Your email address will not be published.