Daily Time Axom

জামুগুৰিহাটৰ ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ উৎসৱ পালন

0 39

জামুগুৰিহাটৰ বিলদঙা ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টৌভঙা / নাহৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ অধিনৰ নবিল প্ৰাথমিক বিদ্যালয়, বগাবিল প্ৰাথমিক বিদ্যালয় আৰু ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত বন্ধু বিদ্যালয়ৰ উৎসৱ পালন কৰা হয় । তিনিখন বিদ্যালয়ৰ সহযোগত বন্ধু বিদ্যালয়ৰ উৎসৱটি পালন কৰা সভাখনৰ আঁত ধৰে নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সান্তানু গৌতমে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত, নৃত্য, কবিতা আদি পৰিবেশন কৰি সোঁনত সুৱগা চৰায় ।

Leave A Reply

Your email address will not be published.