Daily Time Axom

জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ বাকৰিত হেমন্ত শৰ্মাৰ নৱতম গ্ৰন্থ ‘দুঃস্বপ্নৰ ডেউকা’ উন্মোচন

0 44

যিসময়ত অসমীয়া বুলি পৰিচয় দিয়াৰ মানুহৰ সংখ্যা কমিছে, সেই প্ৰত্যাহ্বানমূলক সময়ত অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা মানেই চিন্তাৰ বিপ্লৱত এখোজ দিয়াঃ অচ্যু কুমাৰ পাটোৱাৰী

‘মানুহ হোৱাৰ পথ সহজ নহয়’, ‘প্লাষ্টিকৰ পৃথিৱী’ আদি গ্ৰন্থৰ স্ৰষ্টা যুৱ সাংবাদিক হেমন্ত শৰ্মাৰ নৱতম গ্ৰন্থ ‘দুঃস্বপ্নৰ ডেউকা’ কালি উন্মোচন কৰা হয়৷ মহানগৰীৰ জোনালীস্থিত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ বাকৰিত গ্ৰন্থখনি উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে৷ গ্ৰন্থখনি উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়, ‘‘নিৰৱে কাম কৰি যোৱা সাংবাদিক হেমন্ত শৰ্মাৰ লিখনিৰ এক নিজস্ব শৈলী আছে৷ অতি কম শব্দত ৰচনা কৰা তেওঁৰ কবিতাসমূহ পঢ়িলে এক সুকীয়া আমেজ পোৱা যায়৷ ‘লাগি থাকিলে মাগি নাখায়’ৰ দৰে সাংবাদিক শৰ্মাই অতি প্ৰত্যাহ্বানৰ মাজেৰে অতি কষ্টৰে বিভিন্ন ক্ষেত্ৰত লাগি আছে৷ সেয়ে তেওঁ মাগি খাবলগীয়া হোৱা নাই৷ তেওঁৰ চিন্তা-চৰ্চা ব্যতিক্ৰমী বাবেই আমি তেওঁৰ পৰা স্বপ্নৰ ডেউকা নাপাই ‘দুঃস্বপ্নৰ ডেউকা’ লাভ কৰিছোঁ৷’’ যিসময়ত অসমীয়া বুলি পৰিচয় দিয়াৰ মানুহৰ সংখ্যা কমিছে, সেই প্ৰত্যাহ্বানমূলক সময়ত অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা মানেই চিন্তাৰ বিপ্লৱত এখোজ দিয়া বুলি মন্তব্য কৰে সাংবাদিক পাটোৱাৰীয়ে৷ চিন্তাৰ বিপ্লৱত খোজ দিয়া লেখকগৰাকীৰ গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে৷ আনহাতে, সাংবাদিক প্ৰাঞ্জ ল এ শৰ্মাই আঁতধৰা কালিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক শিৱাণু বৰা, জনপ্ৰিয় আৰ জে, সাংবাদিক তৰুণ গগৈ আৰু যুৱ নেতা, সমাজকৰ্মী, উদ্যোগী তথা লেখক উৎপল বণিয়াই সাৰুৱা ভাষণ প্ৰদান কৰে৷ বি আৰ বুক ষ্টলৰ হৈ গোকুল কলিতাই প্ৰকাশ কৰা গ্ৰন্থখনি ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৬০০ খন অগ্ৰীম বুকিং হৈছে বুলি লেখক হেমন্ত শৰ্মাই প্ৰকাশ কৰাৰ লগতে সমাগত গুৱাহাটী গ্ৰন্থ মেলাতো গ্ৰন্থখনিক পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.