Daily Time Axom

দিল্লীত জে এন ১ত আক্ৰান্ত প্ৰথমজন ব্যক্তি চিনাক্ত

0 59

দিল্লীত এজন ব্যক্তিৰ মৃতদেহত উদ্ধাৰ জে এন ১ । এই ফৰ্মৰ দ্বাৰা সংক্ৰমিত হোৱা প্ৰথমজন ব্যক্তি আছিল দিল্লীৰ এই ব্যক্তি। এই খবৰটো অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে। নমুনাটো পৰীক্ষাৰ বাবে পঠোৱাৰ ঘণ্টাৰ ভিতৰতে এজন ব্যক্তিৰ ক্ষেত্ৰত এই উপ-ভেৰিয়েণ্ট পোৱা গৈছিল।

সৌৰভ ভৰদ্বাজে কয় যে তিনিওটাৰে নমুনা জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে। এই নতুন চাব ভেৰিয়েন্টটো তেওঁলোকৰ এজনৰ শৰীৰত পোৱা গৈছিল। বাকী দুটাৰ অমাইক্ৰন। তাৰ আগতে যোৱা ২৪ ঘন্টাত দিল্লীত স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ ৯ জন ক’ৰোনা ৰোগীৰ খবৰ পোৱা গৈছে। বৰ্তমান দিল্লীত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৫ জন। বুধবাৰে কোমৰবিডিটিত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়। কিন্তু সেই ব্যক্তিজনৰ মৃত্যু হোৱা নাছিল ক’ৰোনাৰ বাবে। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৫২ জন। সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৪২০ জন। চাৰিজন নতুনকৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৩২লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত দুজন কেৰালাৰ। ৰাজস্থান আৰু কৰ্ণাটকৰ পৰা এজনকৈ লোকৰ মৃত্যু হৈছে ক’ৰোনাত। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই মুহূৰ্তত মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

Leave A Reply

Your email address will not be published.