গাজাৰ ৰাফাহত বোমা বিস্ফোৰণত কমেও ২০ জন লোকৰ মৃত্যু

বছৰৰ শেষ দিনবোৰতো ৰক্তপাত, যুদ্ধ, মৃত্যু আৰু শোক। গাজা ষ্ট্ৰিপৰ ৰাফা চহৰৰ এটা আৱাসিক ভৱনত ইজৰাইলৰ বোমা আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ২০ জন লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে ৰাফা চহৰৰ কুৱেইট স্পেচিয়েলিটি হাস্পতালৰ সমীপৰ আৱাসিক ভৱনটোত ইজৰাইল বাহিনীয়ে এই আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ বিমান আক্ৰমণত আৱাসগৃহটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। উদ্ধাৰ অভিযান চলি আছে। আনহাতে, পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ডেৰ-দুমাহতকৈ অধিক সময় ধৰি চলি থকা ইজৰাইল-হামাছ যুদ্ধই গাজাত তীব্ৰ মানৱীয় সংকটৰ সৃষ্টি কৰিছে। উপত্যকাৰ বহু বিদ্যালয়, শৰণাৰ্থী শিবিৰ, মছজিদ, গীৰ্জা আৰু চিকিৎসালয় যুদ্ধত ধ্বংস হৈছিল। মানৱীয় সংকট ইমানেই তীব্ৰ যে ইউএনআৰডব্লিউএৰ মতে, ভূখণ্ডটোৰ প্ৰায় ৪০ শতাংশ লোক “আকালৰ আশংকাত” পৰিছে। ইজৰাইলৰ নিষেধাজ্ঞাৰ মাজতে ঘেৰাও কৰা গাজালৈ পৰ্যাপ্ত সাহায্য প্ৰৱেশ নকৰাৰ ফলত গাজাৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশই “আকালৰ আশংকা”ত পৰিছে বুলি সকীয়াই দিছে ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থাই।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment