Daily Time Axom

কামৰূপ জিলা খেল মহাৰণত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

0 37

মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । গ’লকিপাৰ নোহোৱাকৈয়ে আমি খেল চলাব পাৰো । আমাক গ’লকীপাৰৰ প্ৰয়োজনেই নাই । আমিন গাঁৱত অনুষ্ঠিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ খেল উদ্বোধন কৰি কামৰূপ জিলাৰ অভিভাবক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ এই মন্তব্য । আমিনগাঁৱ ৰেল’ৱে খেল পথাৰত অনুষ্ঠিত, খেল মহাৰণৰ অন্তিম দিনৰ কায্যসূচীত ভাগ লৈ, গৃহ জিলাৰ খেলুৱৈকলৈ যথেষ্ট আশাবাদী মন্ত্ৰীগৰাকী । কেৱল ক্ৰীড়াৰ ক্ষেত্ৰতে নহয় ৰাজনৈতিক ক্ষেত্ৰতো অপ্ৰতিদ্বন্দী বুলিও মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
আনহাতে কামৰূপ জিলাৰ সাত সমষ্টিৰ চাৰি হাজাৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা ৰাজ্যৰ সৰ্ববৃহৎ খেল সমাৰোহত ভাগ লৈ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই নিজ সমষ্টিক লৈ কৰিলে গৌৰৱবোধ । সাংসদ কুইন ওজাই চমু ভাষনত , গাঁৱত হেনো পদুম ফুলে বুলি কয় । লাভলীনা , হীমা , যমুনাহঁত গাৱৰ পৰা অহা । সেয়েহে সেই পদুম ফুলা সকলোৱে দেখিব লাগিব বুলি দোহাৰে । অনুষ্ঠানত কামৰূপ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈয়ে জোৰ শীখালৈ খেল পথাৰৰ শুভাৰম্ভণি কৰে । জিলা উপায়ুক্ত কীৰ্তি জল্লী আৰু কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে খেলুৱৈ সকলক অভিনন্দন জনায় উৎসাহিত কৰে ।

Leave A Reply

Your email address will not be published.