Daily Time Axom

গুৱাহাটী প্ৰেছ ক্লাৱত অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ নিৰ্বাচন

0 50

৮৩১ গৰাকী সাংবাদিকে নিৰ্ণয় কৰিব ১৫ টাকৈ পদত থকা ২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

অসম মুলুক ৰাজ্যখনত উজনি-নামনিৰ খেল দীৰ্ঘদিনীয়া । যেনেকৈ ৰাজনীতিত উজনি-নামনিৰ খেল ¸ তেনেকৈয়ে বিভিন্ন সংবাদসন্থা বিলাকতো উজনি-নামনিৰ খেল আৰম্ভ হৈছে বুলি অভিযোগ আছে । সচেতন মহলৰ মতে ¸ মানৱতাৰে সমাজৰ কাম কৰা ¸ সংবাদসেৱা কৰা আৰু ধৰ্মপ্ৰচাৰৰ লগতে সচেতনা সৃষ্টি কৰিবলৈ উজনি-নামনিতো দুৰৰেই কথা¸ কোনো স্থান-কাল-পাত্ৰৰ প্ৰয়োজন নহয় । তেওঁলোকৰ মতে ¸ মানৱতা ৰক্ষাৰে সমাজসেৱা আৰু কৰ্মই জীৱনৰ মূল ধৰ্ম । উল্লেখযোগ্য যে ¸ তেনেকৈয়ে নামনি আৰু উজনিৰ কোনো পাৰ্থক্য অনুভৱ নকৰাকৈয়ে মানৱ সমাজৰ কল্যানাৰ্থে অবিৰত কৰ্মৰত সংবাদকৰ্মী ছাহেদ আলী আহমেদে অসম বাৰ্তজীৱী সংঘৰ নিৰ্বাচনত কাৰ্যনিৰ্বাহক সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তদুপলক্ষে ছাহেদ আলী আহমেদক জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন ব্যক্তিবিশেষ আৰু শুভাকাংক্ষীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে ¸ সংবাদজগত ¸ সাহিত্য-সংস্কৃতিৰ জগত¸ মানৱ অধিকাৰ সুৰক্ষাৰ সৈতে যুঁজ দিয়াৰ লগতে সমন্বয় সাহিত্য গোষ্ঠী ¸ প্ৰেৰণা পুথিভঁৰাল ¸ সাহেব এণ্ড ছনছ চেৰিটেবল’ ফাউণ্ডেশ্বনৰ দ্বাৰা পৰিচালিত ফ্লৰেঞ্চ নাইটিনগেল অৰফানচ্ এণ্ড মাদাৰ টেৰেছা অল্ড এজ হোম নিৰ্মাণৰ উদ্যোগৰ সৈতে বৰপেটা জিলা বাৰ্তাজীৱী সংঘ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ছাহেদ আলী আহমেদে ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰাত সংগ্ৰামী জীৱনত আগবাঢ়ি যাবলৈ আন্তৰিক শুভেচ্ছা জনাইছে শুভাকাংক্ষীয়ে । উল্লেখযোগ্য যে ¸ সাংবাদিক সকলৰ কল্যাণাৰ্থে অহৰহ যুঁজ কৰি অহা অসমৰ আটাইতকৈ পুৰণি সাংবাদিক সংস্থা অসম বাৰ্তজীৱী সংঘই সম্প্ৰতি ৫০ বছৰ অতিক্ৰম কৰিছে। ১৯৭৪ চনত গঠিত হোৱা অসম বাৰ্তাজী সংঘৰ ৰাজ্যিক সমিতি গঠনাৰ্থে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হব নিৰ্বাচন। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰভাৱ বিস্তাৰ কৰা সংগঠনটোৰ সাধাৰণ নিৰ্বাচনত এইবেলি বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ছাহেদ আলী আহমেদে কাৰ্যবাহী সদস্য পদত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইদৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা অসম বাৰ্তাজীৱী সংঘৰ ২০২৪-২৫ বৰ্ষৰ কমিটি গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ বিভিন্ন পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ২৯ গৰাকীকৈ সাংবাদিকে। নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি এইবেলি নিৰ্বাচনত সভাপতি পদত মধুসুধন মেধী আৰু টুটুমণি ফুকন, উপ সভাপতি পদত মনি মহন্ত আৰু অঞ্জন জ্যোতি শৰ্মা, সাধাৰণ সম্পাদকৰ পদত জগদীশ চন্দ্ৰ পাটগিৰী আৰু মুকুট ৰাজ শৰ্মা, সাংগঠনিক সম্পাদকৰ পদত কিশোৰ জ্যোতি শৰ্মা আৰু বশিষ্ট দেৱ ফুকন, কাৰ্যালয় সম্পাদকৰ পদত নিতুল চাংমাই আৰু হেমন্ত বৰ্মণ, প্ৰচাৰ সম্পাদকৰ পদত অখিল কলিতা আৰু সৌভিক সোম, কোষাধ্যক্ষ পদত নৱনীতা কলিতা আৰু তপন ডেকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উপৰি কাৰ্যবাহী সদস্য পদত ক্ৰমে¸ অশ্বিনী কুমাৰ দুৱৰা¸ ভাস্কৰ শৰ্মা¸ ভূৱন চেতিয়া¸ দ্বিপেন বৰুৱা¸ ধীৰাজ শৰ্মা¸ যতীন ভাগৱতী¸ কমল তালুকদাৰ¸ প্ৰদীপ বৰ্মণ¸ প্ৰশান্ত কুমাৰ মোদক¸ ৰাহুল চক্ৰৱৰ্তী¸ ৰাজীৱ তালুকদাৰ¸ ছাহেদ আলী আহমেদ¸ ছৈয়দ ৰবিউল হক¸ সোনাধৰ ডেকা¸ তৰণীচৰণ কলিতাকে ধৰি মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তথ্য অনুসৰি ¸ অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ নিৰ্বাচনৰ বৈধ আইকাৰ্ড থকা সাংবাদিকৰ তালিকা এনে ধৰনৰ- বাক্সা জিলাত ২ জন, বৰপেটা জিলাত ১৩ জন, বজালীত ১১ জন, কাছাৰত ১৯ জন, দৰংত ৩৬ জন, ধেমাজীত ২৮ জন, ধুবুৰীত ১৯ জন, ডিব্ৰুগড়ত ৩২ জন, গোৱালপাৰাত ১১ জন, হাইলাকান্দিত ২৩ জন, যোৰহাটত ৩৯ জন, কামৰূপ গ্ৰাম্য জিলাত ৭৮ জন, কামৰূপ মেট্ৰত ১০ জন, কৰিমগঞ্জত ১৮ জন, লক্ষিমপুৰত ২৩ জন, নগাৱত ২০ জন, নলবাৰীত ১১ জন, শিৱসাগৰত ৩১ জন, মানকাচৰ জিলাত ১৯ জন, তিনিচুকীয়াত ৫২ জন, ওদালগুৰিত ২৪ জন সাংবাদিককে ধৰি মুঠ ২৮৯ গৰাকী মফচলীয় সাংবাদিক আছে। সংবাদগোষ্টীৰ হাউচত কামকৰা গুৱাহাটী মহানগৰীৰ আচাম ট্ৰিবিউনত ১৭ গৰাকী, অসমীয়া প্ৰতিদিনত ৪৬ গৰাকী, অসমীয়া খবৰত ২২ গৰাকী, অসম ভূমিত ১২ গৰাকী, আমাৰ অসমত ৪১ গৰাকী, আছাম টক্সত ২১ গৰাকী, দৈনিক বাতৰিকাকতত ৭ গৰাকী, দৈনিক জনমভূমিত ২৮ গৰাকী, দৈনন্দিন বাৰ্তাত ৪ গৰাকী, ডি ওৱাই ৩৬৫ ত ২৫ গৰাকী, গনস্তম্ভত ৯ গৰাকী, জাৰ্ণালিষ্ট বাৰ্তাত ১০ গৰাকী, এন বি নিউজত ১১ গৰাকী, নিউজ১৮ ত ৭ গৰাকী, নিউজ লাইভত ৩৬ গৰাকী, এন কে টিভিত ৫৭ গৰাকী, নিয়মীয়া বাৰ্তাত ২৪ গৰাকী, এন ই নিউজত ১৯ গৰাকী, প্ৰাত খবৰত ৯ গৰাকী, প্ৰাগ নিউজত ৫৫ গৰাকী, প্ৰতিদিন টাইমত ২৯ গৰাকী, পূৰ্বোদয়ত ৫ গৰাকী, স্বতন্ত্ৰতা সেনানীত ১০ গৰাকী, এন ডি ২৪ ত ১ গৰাকী, প্ৰাগজ্যোতিষত ১ গৰাকী, নৱবাৰ্তা প্ৰসংগত ১ গৰাকী, দা আছাম পোষ্টত ১ গৰাকী, দৈনিক গণ অধিকাৰত ২ গৰাকী, ইষ্টাৰ্ণ ক্ৰ’নিক’লত ১ গৰাকী, অসম আদিত্যত ১ গৰাকী, বাৰ্তাত ১ গৰাকী, প্ৰাতঃ বাৰ্তাত ১ গৰাকী আৰু প্ৰথম খবৰত ১ গৰাকী সাংবাদিককে ধৰি ৫১৫ গৰাকী সাংবাদিকৰ নাম সন্বিবিষ্ট আছে। দুয়োটা শিতানত মুঠ ৮০৪ গৰাকী সাংবাদিকৰ উপৰি অসম বাৰ্তাজীৱী সংঘৰ আজীৱন সদস্য হিচাপে ভোটাধিকাৰ লাভ কৰা সাংবাদিকৰ সংখ্যা হল ২৭ গৰাকী। আজি ৩০ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ নিৰ্বাচনত সৰ্বমুঠ ৮৩১ গৰাকী সাংবাদিকে ভোট দান কৰিব পাৰিব বুলি মুখ্য নিৰ্বাচনী বিষয়া অতুল্য মাধৱ গোস্বামীয়ে যোৱা ৩০ নৱেম্বৰত প্ৰকাশ কৰা ভোটাৰ তালিকাত উল্লেখ আছে । তালিকা অনুযায়ী আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ নিৰ্বাচন ভোটদান কৰিবলৈ শুক্ৰবাৰে নিশাতেই ভোটাৰ সকল গুৱাহাটীৰ বিভিন্ন হোটেলত বাহৰ পাতিছে বুলি এক বিশেষ সূত্ৰে জানিব দিয়। সম্প্ৰতি নিৰ্বাচনত কোনে কোনে শেষ হাঁহি মাৰে সেয়া সময়তহে লক্ষণীয় হব।

Leave A Reply

Your email address will not be published.