Daily Time Axom

টীয়কত কংগ্ৰেছৰ বুথ এজেন্টৰ বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

0 42

কলিয়াপানী আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বুথ পৰ্যায়ৰ এজেন্ট সকলৰ প্ৰশিক্ষণৰ অৰ্থে আজি টীয়কৰ শ্বহীদ ভৱনত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।উক্ত সভাত আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কৰণীয় ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় লগতে কিদৰে ৰাইজৰ সহযোগিতাত পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি ৰাইজৰ অভাৱ অভিযোগসমূহ পুৰণ কৰিব পাৰিব তাৰ ওপৰত বুথৰ সদস্য সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে কংগ্ৰেছী নেতাসকলে।জিলাৰ সভাপতি পুতুল বুঢ়াগোহাঁইৰ সভাপতিত্বত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা পল্লবী গগৈ,অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,যোৰহাট জিলাৰ তত্বাৱধায়ক লক্ষ্মী সন্দিকৈ,লাহৰীঘাটৰ বিধায়ক ড৹ আচিফ নজৰ,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক চফিউৰ ৰহমান,দুয়োটা ব্লকৰ সভাপতি,জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.