সমগ্ৰ শিক্ষা অভিযান বৰপেটাৰ উদ্যোগত ‘বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা’ৰ সন্দৰ্ভত খণ্ড পৰ্য্যায়ত প্ৰশিক্ষণ কেন্দ্ৰৰ ২৭,২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনাৱাসিক প্ৰশিক্ষণ শিবিৰ হাউলীস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰাংগনত অনুষ্ঠিত হৈ যায়। প্ৰশিক্ষণ শিবিৰত মতিয়ৰ ৰহমান, চম্পক কুমাৰ নাথ আৰু আলী আকবৰ শিকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভাষা আৰু গণিত শিকনীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি প্ৰশিক্ষণ প্ৰদান কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত ভৱানীপুৰ, বৰপেটা আৰু বজালী শিক্ষা খণ্ডৰ ভালে সংখ্যক শিক্ষাসেৱক, শিক্ষাসেৱিকা, জিলা মান ৰক্ষক উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে । আজি আবেলি ৩ বজাত সমল ব্যক্তি চম্পক কুমাৰ নাথৰ পৰিচালনাত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বৰপেটাৰ জিলা আঁচনি (বিষয়া বিশেষ প্ৰশিক্ষণ) টিকেন নাথ উপস্থিত থাকি শিক্ষাসেৱক-শিক্ষাসেৱিকা সকলক নিজৰ নিজৰ বিদ্যালয় তথা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ শিক্ষাৰ্থীৰ মাজত প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতাৰ ওপৰত পাঠদান কৰিবলৈ আহ্বান জনায় লগতে বিভাগীয় কৰ্তৃপক্ষই সময়ে সময়ে দিয়া নীতি নিৰ্দেশনা মতে কাম কৰি যাবলৈ অনুৰোধ জনায় ।